৩২ মিনিটত ৩২০০০ টা গছপুলি ৰোপনেৰে " ইন্দিয়া বুক অৱ ৰেকৰ্ডচ্" ত নাম অন্তৰ্ভুক্ত বঙাইগাঁৱৰ


বঙাইগাঁও,২৯জুন : বঙাইগাঁও জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া ডা:এম এচ লক্ষ্মী প্ৰিয়া,আই এ এচ ৰ তদাৰকত যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী সজাগতাৰ লগতে পৰিৱেশ সজাগতাৰ বাবে জিলাখনৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলত ২এপ্ৰিল,২০২১ তাৰিখে ৩২মিনিটত ৩২০০০ গছপুলি ৰোপন কৰি অভিলেখ সৃষ্টি কৰিছিল। এই বৃক্ষৰোপন কাৰ্যত কেবাজনো নিৰ্বাচনী বিষয়ববীয়া আৰু ১৫০০ তকৈও অধিক ভোটাৰে অংশগ্ৰহণ কৰিছিল আৰু বৃক্ষৰোপনৰ বিষয়বস্তু আছিল-"গণতন্ত্ৰৰ সৈতে বাঢ়ি যোৱা"।সেইদিনা ৰাতিপুৱা ১১-০০বজাত বৃক্ষৰোপন কাৰ্য আৰম্ভ কৰি ৩২ মিনিটত ৩২০০০(বত্ৰিশ হেজাৰ)গছপুলি ৰোপন কৰা হৈছিল আৰু ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ ক্ৰমিক নম্বৰটোৰ লগত মিলাই ৩২ মিনিটত ৩২০০০( বত্ৰিশ হেজাৰ) গছপুলি ৰোপন কৰা হৈছিল।উক্ত কাৰ্যসূচীত আই উপত্যকা বন-সংমণ্ডল বিষয়া আব্দেল ছালাম আৰিফে গছপুলি যোগান ধৰি প্ৰয়োজনীয় সহযোগিতা আগবঢ়াইছিল।

          ৩২নং বঙাইগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰতীক "সোনালী বান্দৰ" ৰ বাসস্থান কাকৈজানা সংৰক্ষিত বনাঞ্চলত থলুৱা জাতৰ গছ যেনে আমলখি, জামু, শিলিখা, মধুৰিআম, লেটেকু, জলফাই, গমাৰি, কৰৈ, কাঞ্চন, চতিয়না, ভোমোৰা, কঁঠাল ইত্যাদি গছ ৰোপন কৰা হৈছিল যিবিলাক গছৰ ফল-পাত-ফুল সোনালী বান্দৰৰ খাদ্যৰ উৎস। "ইন্দিয়া বুক অৱ ৰেকৰ্ডচ্" ৰ বিচাৰক জিতেন্দ্ৰ জৈন সেই বৃক্ষৰোপন কাৰ্যসূচীৰ সময়ত উপস্থিত থাকি " ভোটাৰ সজাগতাৰ বাবে সমগ্ৰ ভাৰতত একেটা স্থানতে সৰ্বাধিক গছপুলি ৰোপনৰ অভিলেখ"ৰ প্ৰমাণপত্ৰ দিছিল। অসমৰ মুখ্য নিৰ্বাচনী বিষয়াই এইক্ষেত্ৰত আৱশ্যকীয় সকলো ধৰণে সহায় আগবঢ়াইছিল। ৰাজ্যিক Systematic Voters Education and Electoral Participation" কোষৰ আইকন অভিনেতা কপিল বৰা,গায়িকা অনিন্দিতা পাল,পেৰা-চাইক্লিষ্ট ৰাকেশ বনিক আৰু উপ- মুখ্য নিৰ্বাচনী বিষয়া ডিম্পল বৰুৱাও সেই গছপুলি ৰোপন কাৰ্যসূচীত উপস্থিত আছিল।

        গছপুলিবোৰ বৰ্তমানে লহপহকৈ বাঢ়ি অহা পৰিলক্ষিত হৈছে।

Post a Comment

Previous Post Next Post