জল জীৱন মিছন ৰূপায়ণৰ পৰ্যালোচনা বঙাইগাঁও জিলা উপায়ুক্তৰ



বঙাইগাঁও,২৮জুন : চৰকাৰৰ এখন অভিলাষী আঁচনি হৈছে জল জীৱন মিছন।বঙাইগাঁও জিলাত এই অভিলাষী আঁচনিখন সফলভাৱে ৰূপায়ণ কৰাৰ বাবে উপায়ুক্ত ডা:এম এচ লক্ষ্মীপ্ৰিয়া,আই এ এচ য়ে ২৭জুন,২০২১তাৰিখে তেওঁৰ সভাকক্ষত সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা কৰে।জল জীৱন মিছন আঁচনিখনৰ উদ্দেশ্য হৈছে ২০২৪ চনৰ আগত গ্ৰাম্যাঞ্চলৰ সকলো লোককে পৰ্যাপ্ত বিশুদ্ধ খোৱাপানী যোগান ধৰা।

        বঙাইগাঁও জিলাৰ গ্ৰাম্যাঞ্চলৰ ১৪৫১৫৭ঘৰ মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে বঙাইগাঁও জিলা পানী আৰু অনাময় মিছনে কাম কৰি আছে আৰু চলিত বিত্তীয় বৰ্ষত ৩৪৬১১ঘৰ লোকক খোৱা পানী যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেনেদৰে " ১০০ দিনীয়া শিবিৰ"ৰ অধীনত খোৱা পানীৰ ব্যৱস্থা নথকা গ্ৰাম্যাঞ্চলত থকা চৰকাৰী বিদ্যালয় আৰু অংগনৱাডী কেন্দ্ৰসমূহত সুকীয়া পানী যোগান প্ৰকল্পৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰা হ'ব।

        জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মীপ্ৰিয়া,আই এ এচ য়ে সভাত 'জল জীৱন মিছন'ৰ অধীনৰ 'নলা পানী যোগান আঁচনি' আৰু সুকীয়া পানী যোগান প্ৰকল্পৰ সকলো কামৰ বিতং পৰ্যালোচনা কৰে। এই মিছন সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে পৰিকল্পনাও যুগুত কৰা হৈছে।জল জীৱন মিছনৰ আঁচনিসমূহ চোৱাচিতা আৰু নিৰীক্ষণ কৰাৰ বাবে জিলা উপায়ুক্তক অধ্যক্ষ হিচাপে,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বঙাইগাঁৱৰ কাৰ্যবাহী অভিযন্তাক সদস্য সচিব হিচাপে লৈ আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া,অতিৰিক্ত উপায়ুক্ত তথা জল জীৱন মিছনৰ নোডেল বিষয়া,উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি, বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়া,জিলা সমাজ কল্যাণ বিষয়া,এপিডিচিএলৰ সহকাৰী মহাপ্ৰবন্ধক,লোকনিৰ্মাণ পথ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিদ্যুত বিভাগৰ কাৰ্যবাহী অভিযন্তাক সদস্য হিচাপে লৈ এখন জিলা পৰ্যায়ৰ নিৰীক্ষণ কমিটীও গঠন কৰা হয়।অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা নোডেল বিষয়া হিচাপে থাকিব।

         সভাত এইটোও সিদ্ধান্ত লোৱা হয় যে সময়মতে আঁচনিসমূহ ৰূপায়ণ কৰাৰ বাবে অহৰহ নিৰীক্ষণ কৰিবলৈ ৰাজহ চক্ৰ বিষয়া/সহকাৰী আয়ুক্তক নোডেল বিষয়া হিচাপে মনোনীত কৰা হ'ব।সেইদৰে ৰাজহ চক্ৰ পৰ্যায়ত চক্ৰ বিষয়াক মূৰব্বী হিচাপে লৈ আৰু সংশ্লিষ্ট অন্যান্য বিষয়াক অন্তৰ্ভুক্ত কৰি নিৰীক্ষণ কমিটী গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়। এই কমিটীখনে ক্ষেত্ৰ পৰ্যায়ত কামসমূহ নিৰীক্ষণ কৰি সঠিকভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিব।জিলা প্ৰশাসনৰ সকলো বিষয়াই গ্ৰাম্যাঞ্চলত ঘৰে ঘৰে নলা পানী যোগান আৰু বিদ্যালয় আৰু অংগনৱাডী কেন্দ্ৰৰ সুকীয়া খোৱা পানী যোগান আঁচনিসমূহ পৰিদৰ্শন কৰিব আৰু নিৰ্দিষ্ট প্ৰপত্ৰত উপায়ুক্তক প্ৰতিবেদন দাখিল কৰিব।

         ২০২৪ বৰ্ষৰ মাৰ্চ মাহৰ আগত জিলাখনৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিঘৰ লোকৰ দুৱাৰদলিত নলা পানী যোগান নিশ্চিত কৰাৰ যি জন আন্দোলন তাক সাকাৰ কৰিবলৈ সৰ্বান্তকৰণে কাম কৰাৰ বাবে উপায়ুক্ত ডা:লক্ষ্মী প্ৰিয়াই সকলো সংশ্লিষ্ট বিষয়ববীয়াকে আহ্বান জনায়।

Post a Comment

Previous Post Next Post