বঙাইগাঁও,১১ আগষ্ট : ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে দেশজুৰি উদযাপন কৰা হৈছে"আজাদী কা অমৃত মহোৎসৱ"অৰ্থাৎ স্বাধীনতাৰ অমৃত মহোৎসৱ ।এই উপলক্ষ্যে আজি বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিয়লি ২-০০ বজাৰ পৰা" প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ,বঙাইগাঁও জিলাৰ গ্ৰাম্য অঞ্চলৰ বিকাশত প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনিৰ ( PMGSY) ভূমিকা" শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় । লাহে লাহে শিল,বালি আদি কমি অহা বাবে পথ নিৰ্মাণত আৱৰ্জনা প্লাষ্টিক,পেভাৰ ব্লক আদি ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। এই নতুন প্ৰযুক্তিৰ পথ নিৰ্মাণত খৰচো কম আৰু সময়ো কম লাগে।তদুপৰি মেৰামতিও কম কৰিলেই হয়,পৰিৱেশ অনুকুল হয়,প্ৰদূষণ কমে আৰু বিটুমিন কম লাগে।
আলোচনা চক্ৰত গ্ৰাম্য পথ বিভাগৰ অধীক্ষক অভিযন্তা পদ্মানন্দ চৌধুৰীয়ে পথ নিৰ্মাণত Waste Plastic Technology সন্দৰ্ভত আৰু কাৰ্যবাহী অভিযন্তা দ্বীপেন মেধিয়ে গ্ৰাম্য পথ নিৰ্মাণত Cell Filled Concrete Pavement ৰ বিষয়ে বক্তব্যত উল্লেখ কৰে।এই আধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা পথ সহজে নষ্ট নহয়,মেৰামতিৰ প্ৰয়োজন নাই আৰু পথত পানী জমা নহয়।চহৰ বা ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথ সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণ হ'লে সৰ্বসাধাৰণ লোকৰ চহৰলৈ যোৱাৰ সুবিধা হয়,ছাত্ৰ-ছাত্ৰী স্কুল-কলেজলৈ যোৱাত সুবিধা হয়,গাঁৱৰ ৰাইজৰ প্ৰয়োজন সাপেক্ষে হাস্পতাললৈ যোৱাৰ সুবিধা হয়,কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে।মুঠতে গ্ৰাম্য পথৰ নিৰ্মাণে ৰাজ্য তথা দেশৰ উন্নয়নত অৰিহণা যোগায়, সাধাৰণ ৰাইজৰ জীৱিকা নিৰ্বাহৰ মান উন্নত হয়।
প্ৰথমতে ২০০০ চনত যেতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনি যেতিয়া আৰম্ভ কৰা হৈছিল তেতিয়া অকল পথ নিৰ্মাণৰ কামহে অন্তৰ্ভুক্ত আছিল,কিন্তু পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পথৰ লগতে পকী দলং নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত কৰা হয় এই আঁচনিৰ অধীনত।
গ্ৰাম্য পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাই জনায় যে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১২ জুলাই,২০২১তাৰিখৰ পৰা ১৮জুলাই,২০২১ তাৰিখলৈ ৫টা পথৰ কাষে কাষে প্ৰায় ২০০০টা গছপুলিও ৰোপন কৰা হয়।
আজিৰ আলোচনা চক্ৰত বঙাইগাঁও জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিংহ,মুখ্য কাৰ্যবাহী বিষয়া নাডিৰা জেচমিন, সমাজকৰ্মী নীৰেন দাস, বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অসীম কুমাৰ নাগ আদি ব্যক্তিসকলেও অংশগ্ৰহণ কৰে।
বঙাইগাঁও পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া,জিলা পৰিষদৰ সদস্য,আঞ্চলিক পঞ্চায়তৰ সদস্য,গাঁও-পঞ্চায়তৰ সভাপতি,সদস্য আদিও আজিৰ আলোচনা চক্ৰত উপস্থিত থাকে ।
© DIPRO | BONGAIGAON
© Bongaigaon Now
Post a Comment