বঙাইগাঁও,১৫ মে' : আজি ৰাতিপুৱা প্ৰায় ১০-৩০ বজাত অভয়াপুৰীৰ নিকটৱৰ্তী দেওহাটীত ৰাজ্যিক ঘাইপথত এটি সোণালী বান্দৰ দুৰ্ঘটনাত আহতপ্ৰাপ্ত হয়। তাৰ অলপ পিছতে সেই ঠাইত উপস্থিত হয় বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া, আই এ এচ। সৌভাগ্যক্ৰমে সেই সময়ত উত্তৰ শালমাৰা মহকুমা এলেকাৰ কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী পৰিদৰ্শন কৰি উভতি আহি আছিল উপায়ুক্তগৰাকী। ততালিকে বন বিভাগৰ বিষয়াক জনোৱা হয় আৰু উক্ত ঠাইত তেওঁলোক উপস্থিত হৈ আঘাতপ্ৰাপ্ত সোণালী বান্দৰটো চাই উন্নত চিকিৎসাৰ বাবে বি টি এ ডিৰ চৰাইখোলাত থকা বন্য প্ৰাণী উদ্ধাৰ কেন্দ্ৰলৈ লৈ যায়।
এই ঘটনাৰ যাতে পুণৰাবৃত্তি নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগে আলোচনা কৰি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰে। সেই সিদ্ধান্ত অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথ-১১৭ ৰ হাপাচাৰাৰ পৰা টুলুঙীয়ালৈকে বন্যপ্ৰাণী( সোণালী বান্দৰ) কৰিডৰ এলেকাৰ কেবাঠাইতো গাড়ীচালকৰ দৃষ্টিগোচৰ হোৱাকৈ কেবাখনো চাইনবোৰ্ড লগোৱা হ'ব যাতে গাড়ীচালকে সেই ঠাইখিনিত গাড়ী লাহে লাহে চলায়।আনহাতে হাপাচাৰা বীট অফিচৰ পৰা উজান ৰাভাপাৰা পৰ্যন্ত ঠাইখিনিত নতুন ঘাইপথ নিৰ্মাণৰ সময়ত মুৰৰ ওপৰেৰে সোণালী বান্দৰ সুকলমে পাৰ হৈ যাব পৰাকৈ জখলা পথ বনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তৰ্গাথঁনি উন্নয়ন নিগমে।
সোণালী বান্দৰৰ বিচৰণস্থলী কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ ওচৰত সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে বৈদ্যুতিক তাঁৰসমূহ নিলগাই ৰখা হৈছে।
সোণালী বান্দৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা ঘটনা ভৱিষ্যতে নহ'বলৈ জিলা উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়া,আই এ এচ এ এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে কি পদক্ষেপ ল'লে ভাল হ'ব তাৰ বাবে জিলা উন্নয়ন আয়ুক্তৰ অধীনত এখন কমিটী গঠন কৰি দিছে। এই কমিটীত জিলা উন্নয়ন আয়ুক্তৰ উপৰি বন বিভাগ,পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াকো অন্তৰ্ভূক্ত কৰা হৈছে।
উক্ত কমিটীৰ আজি প্ৰথমখন সভাত কেইটামান পৰামৰ্শ আগবঢ়ায়। সেইমতে বন বিভাগে সোণালী বান্দৰে পথ অতিক্ৰম কৰা স্থানসমূহত চাইনবোৰ্ড লগাব যাতে গাড়ীচালকসকলে সেই ঠাইখিনিত গাড়ী লাহে লাহে চলায়। তদুপৰি যিহেতু মুৰৰ ওপৰেৰে যাব পৰাকৈ জখলা পথ বনাওঁতে কিছু পলম হ'ব গতিকে তৎকালীন ব্যৱস্থা হিচাপে সদ্যহতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তৰ্গাথঁনি উন্নয়ন নিগমে উক্ত ঠাইত ১২ টা গতি ৰোধক থকাকৈ ৰাম্বল ষ্ট্ৰীপ বনাব লাগিব।
আজিৰ ঘটনাটো যিহেতু বন্যপ্ৰাণী (সোণালী বান্দৰ) কৰিডৰৰ বাহিৰে বেলেগ ঠাইত সংঘটিত হৈছে গতিকে বন বিভাগে সোণালী বান্দৰৰ নতুন বিচৰণস্থলী চিনাক্ত কৰি এইবিলাকৰ সুৰক্ষিত বিচৰণ নিশ্চিত কৰিব লাগিব।
কমিটীখনৰ এই পৰামৰ্শসমূহ জিলা উপায়ুক্তগৰাকীয়ে সোণালী বান্দৰৰ সুৰক্ষাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক যথাসম্ভৱ সোনকালে বাস্তবায়িত কৰিবলৈ নিৰ্দেশ দিয়ে।
Post a Comment