বঙাইগাঁৱত ৰাহি হোৱা কোভিড ভেকচিন ড'জৰ পৰা ১৩০ জনক প্ৰদান


বঙাইগাঁও,১৭মে' : বঙাইগাঁও জিলা প্ৰশাসনৰ এক বিশেষ পদক্ষেপ হিচাপে আজি জিলাখনৰ বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোভিড ভেকচিনৰ ভাইলৰ পৰা অতিৰিক্ত অংশ ৰাহি কৰা ১৩০ ড'জ ১৩০ গৰাকী ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ভিতৰৰ লোকক প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। এই উপলক্ষে আজি ৰাতিপুৱা ১০-০০বজাত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়া, আই এ এচ ৰ উপস্থিতিত বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। 

       কোভিড ভেকচিনৰ এটা ভাইলৰ পৰা ১০জন লোকক ভেকচিন দিয়াৰ পিছত যিখিনি অতিৰিক্ত অংশ ৰাহি হয় সেইখিনি উলিয়াই লোৱা হয়।এনেদৰে ভেকচিনৰ ড'জৰ পৰা উলিয়াই ৰাহি কৰা ১৩০টা ড'জ আজি ১৩০ গৰাকী লোকক দিয়া হয়। উপায়ুক্ত ডা: এম এচ লক্ষ্মী প্ৰিয়া,আই এ এচ য়ে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজিত এক অনুষ্ঠানত এই বিষয়ে সদৰী কৰে।তেওঁ এইক্ষেত্ৰত ভেকচিন প্ৰদান কৰা নাৰ্চসকলক ধন্যবাদ জ্ঞাপন কৰে।কিয়নো তেওঁলোকে গুৰুত্ব সহকাৰে ভেকচিন দিয়াৰ বাবেহে এয়া সম্ভৱ হৈছে। বৰ্তমান কোভিড মহামাৰীক ৰুধিবলৈ যি ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হৈছে সেয়াই আমাৰ সম্বল এই ৰোগৰ বিৰুদ্ধে। তদুপৰি আমি সজাগ হৈ থকাটোও নিতান্তই প্ৰয়োজন।

        আজিৰ অনুষ্ঠানত বঙাইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দীপন বৰ্মন,জিলা আঁচনি প্ৰবন্ধক আনন্দ কুমাৰ শৰ্মা তথা চিকিৎসকসকল উপস্থিত থাকে।

Post a Comment

Previous Post Next Post