ফুলকুমলীয়া কণমানি আৰু মৰমৰ পত্নীক এৰি থৈ চিৰদিনৰ বাবে গুচি গ’ল বিজু

বিজু পোখ্ৰেল শৰ্মা। এগৰাকী হাঁহিমুখীয়া সুঠাম যুৱক৷ সমাজখনৰ ভালৰ বাবে সদায় কিবা এটা কৰাৰ চেষ্টা মনত পুহি ৰাখিছিল৷ প্ৰথমে গোৰ্খা ছাত্ৰ সন্থাৰ জিলা সভাপতি আৰু তাৰ পিছত বিজেপি দলৰ এগৰাকী সক্ৰিয় আৰু নিষ্ঠাবান কৰ্মী বিজু পোখ্ৰেল শৰ্মা৷ ছাত্ৰ সংগঠনত থকাৰ সময়তে সমাজখনৰ পৰা বেয়া দিশবোৰ আঁতৰাই সুস্থ–সবল সমাজ গঢ় দিয়াৰ হেঁপাহ বুকুত বান্ধি ৰাইজৰ সেৱাৰ বাবে তেওঁ ওলাই আহিছিল৷

ছাত্ৰ সংগঠনৰ পৰা অব্যাহতি লৈ তেওঁ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে৷ অতি কম দিনৰ ভিতৰতে বিজু শৰ্মাই বিজেপি দলৰ এগৰাকী জনপ্ৰিয় কৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ শেহতীয়াকৈ গোৱালপাৰা জিলাৰ বিজেপিৰ আই টি চেলৰ আহ্বায়ক হিচাপে দলৰ হৈ কাম কৰি গৈছিল৷ লকডাউনৰ সময়ত বহিঃৰাজ্যৰ পৰা ঘৰলৈ উভতি অহা যুৱক-যুৱতী তথা শ্ৰমিকসকলৰ সংস্থাপনৰ সন্দৰ্ভত আজি দুপৰীয়া দুধনৈত এক বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতে বকোলৈ গৈ আছিল৷

দুধনৈ এৰাৰ কিছু সময় পিছতে আহিল কোনেও কল্পনা কৰিব নোৱাৰা খবৰটো। বিজু পোখ্ৰেল শৰ্মা আৰু ডালিম কলিতা নামৰ যুৱকজন এক দুৰ্ঘটনাত পতিত হয় আৰু চিকিৎসাললৈ নিয়াৰ পথতে দুয়োগৰাকী যুৱকে কৰুণ মৃত্যুক আঁকোৱালি লয়৷ জানিব পৰা মতে, দুধনৈৰ পৰা বকোলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা তীব্ৰবেগী বাছ এখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় আৰু যুৱকদুজন গৈ থকা ছুইফ্ট ডিজায়াৰখনৰ।

দুৰ্ঘটনাৰ ফলত ধ্বংসস্তুপত পৰিণত হয় বাহনখন। স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োকে উদ্ধাৰ কৰি সংকটজনক অৱস্থাত ৰংজুলি চিকিৎসালৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে পিছত গুৱাহাটীলৈ নিয়াৰ পথতে দুয়ো শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত বিজু পোখ্ৰেল শৰ্মাই এৰি থৈ যায় এগৰাকী কণমানি সন্তান, পত্নীসহ মাতৃ, ভাতৃ আৰু ভগ্নীক৷ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দুয়োৰে ঘৰ আছিল গোৱালপাৰাৰ শিমলীতোলাত়৷

Post a Comment

Previous Post Next Post