পত্নীৰ চিকিৎসা কৰাবলৈ গৈ দিল্লীত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু অজিত শইকীয়াৰ


নতুন দিল্লী, ১৬ মে, ২০২০; পত্নীৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈ কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু অসমৰ অজিত শইকীয়া নামৰ লোকজনৰ। লোকজনৰ লগতে পত্নী বন্তি শইকীয়া আৰু আন এজন যুৱকো আক্ৰান্ত হৈছিল কোৰোণাত। পত্নী আৰু যুৱকজন সুস্থ হয় যদিও হাৰ মানিলে অজিত শইকীয়াই।

উল্লেখযোগ্য যে লোকজনক প্ৰথমে ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ২ মে’ত প্লাজমা থেৰাপীৰ বাবে লোকনায়ক হাস্পতাললৈ স্থানান্তৰ কৰা হৈছিল শইকীয়াক।

৫দিন পূৰ্বেই অজিত শইকীয়াৰ মৃত্যু হয় যদিও দিল্লী চৰকাৰ আৰু অসম চৰকাৰৰ মাজৰ সমন্বয়হীনতাৰ বাবে ৫দিন ধৰি মৰ্গত পৰি ৰয় মৃতদেহ। দিল্লীৰ অসম এছ’চিয়েচনৰ কৰ্মকতাই ৫ দিন পূৰ্বেই লোকজনৰ মৃত্যু হোৱা বুলি জনাইছে। পৰিয়ালৰ লোক দিল্লীত থকাৰ পিছতো খবৰ দিয়া হোৱা নাছিল তেওঁলোকক।

Post a Comment

Previous Post Next Post