বিত্ত মন্ত্ৰালয়ৰ নতুন আয়কৰ পৰ্টেল incometax.gov.in শেহতীয়াকৈ মুকলি কৰা হয়। এই নতুন পৰ্টেল কৰদাতাসকলৰ বাবে অধিক আধুনিক আৰু অত্যন্ত সহজ কৰা হৈছে। কাৰণ ইয়াৰ লক্ষ্য হৈছে কৰদাতাসকলৰ বাবে অসুবিধা হ্ৰাস কৰা ।
যিহেতু বৰ্তমান আয়কৰ ৰিটাৰ্ণ আৰু প্ৰপত্ৰ দাখিল কৰাটো www.incometaxindiaefiling.gov পৰ্টেলত কৰা হয়। প্ৰথম পৰ্যায়ত পৰ্টেলটোৱে অনলাইনত আয়কৰ ৰিটাৰ্ণ, অডিট প্ৰতিবেদন আৰু আন বহুতো প্ৰ-পত্ৰ দাখিল কৰাত সহায় কৰিছিল। কিন্তু বিগত বছৰবোৰত ইয়াৰ সৈতে আন বহু দিশ জড়িত কৰা হৈছিল যেনে ফেচলেচ মূল্যায়ন, আপীল আৰু জাননীৰ উত্তৰ দিয়াত সহায় কৰিছিল । এইবোৰ ইয়াৰ অনুপালন শাখাত আহে।
এই সমস্যাই দেখা দি আছিল -
বিদ্যমান পৰ্টেলটোৱে বৰ্তমানে ভালদৰে কাম কৰি আছে যদিও নিৰ্দিষ্ট তাৰিখৰ ওচৰত ইয়াৰ কাম-কাজত অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে । ইয়াৰ উপৰিও কৰদাতাৰ নথিপত্ৰ আপলোড কৰাত কম ক্ষমতা, অডিট প্ৰতিবেদন দাখিল কৰাত বা মূল্যায়ন বা অন্যান্য জাননীৰ উত্তৰ দিয়াত অসুবিধাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। লগতে বহু কৰদাতাৰ বাবে যথেষ্ট বিভ্ৰান্তিকৰ হৈ পৰিছিল ।
নতুন আয়কৰ পৰ্টেলৰ কিছুমান গুৰুত্বপূৰ্ণ সুবিধা -
১. নতুন কৰদাতা অনুকূল পৰ্টেলে তৎক্ষণাৎ আয়কৰ ৰিটাৰ্ণ (ITR) প্ৰক্ৰিয়া কৰিব পাৰে যাতে কৰদাতাসকলৰ ৰিফাণ্ড শীঘ্ৰে জাৰী কৰিব পাৰি।
২. সকলো বাৰ্তালাপ আৰু আপলোড বা অমীমাংসিত কাৰ্য এটা ডেশ্বব'ৰ্ডত ৰখা হৈছে যাতে কৰদাতাসকলে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰে।
৩. বিনামূলীয়া ITR প্ৰস্তুতি চফ্টৱেৰ অনলাইন আৰু অফলাইন দুয়োটাতে উপলব্ধ আৰু ইয়াত ইন্টাৰেক্টিভ প্ৰশ্ন থাকিব যাতে কৰদাতাসকলে কৰ সম্পৰ্কে অৱগত নহ'লেও সহজে তেওঁলোকৰ আইটিআৰ(ITR) দাখিল কৰিব পাৰে। ইয়াত তথ্যবোৰ পূৰ্বে পূৰণ হৈ থাকিব আৰু কৰদাতাসকলৰ ডাটা প্ৰৱেশৰ কাম যথেষ্ট হ্ৰাস কৰিব।
৪. কৰদাতাসকলৰ সহায় কৰাৰ বাবে এটা নতুন কল চেণ্টাৰ, য'ত তাৎক্ষণিকভাৱে প্ৰশ্নৰ উত্তৰ লাভ কৰিব । লগতে টিউটোৰিয়েল, ভিডিঅ' আৰু চেটবোট/লাইভ এজেণ্টৰ দৰে ভিন্ন দিশবোৰো আছে।
৫. ডেস্কটপত উপলব্ধ সকলো মুখ্য পৰ্টেল ফাংচন মোবাইল এপত উপলব্ধ কৰা হৈছে, যি যিকোনো সময়তে মোবাইল নেটৱৰ্কত সম্পূৰ্ণ কৰাত সহায় কৰিব ।
৬. নতুন পৰ্টেলত নতুন অনলাইন কৰ পৰিশোধ প্ৰণালী প্ৰৱৰ্তন কৰা হৈছে আৰু ইয়াত কেইবাটাও নতুন পৰিশোধৰ বিকল্প আগবঢ়োৱা হ'ব । ইয়াত নেটবেংকিং, ইউপিআই, ক্ৰেডিট কাৰ্ড আৰু আৰটিজিএছ/এনইএফটিৰ দৰে পৰিশোধ বিকল্প থাকিব। কৰদাতাসকলে যিকোনো বেংকৰ পৰা তেওঁলোকৰ কৰ পৰিশোধ কৰিবলৈ সক্ষম হ'ব।
Post a Comment