কোভিড-১৯ৰ নিষেধাজ্ঞাৰ সময়ছোৱাত গাড়ী চলাচলৰ ই-পাছ

বঙাইগাঁও,৫জুন : সম্প্ৰতি কোভিড-১৯ ৰ বাবে বন্ধ আছে আন্ত:জিলা যাতায়ত। কিন্তু কিছুমান মানুহৰ বাবে আন জিলালৈ যাবলগীয়া জৰুৰী কাম থাকিব পাৰে।বিশেষ কিছুমান কাৰণত এখন জিলাৰ পৰা আন জিলালৈ যোৱাটো জৰুৰী হ'ব পাৰে। এনেকুৱা ক্ষেত্ৰত সৰ্বসাধাৰণ লোকে বঙাইগাঁও জিলাৰ পৰা আন জিলালৈ যাব পৰা কৰিবলৈ জিলা প্ৰশাসনে গাড়ীৰ বাবে' ই-পাছ' ৰ ব্যৱস্থা কৰিছে। বঙাইগাঁও জিলা প্ৰশাসনে জিলাখনৰ নাগৰিকক ই-পাছ দিয়াৰ বাবে দুটা লিংকৰ ব্যৱস্থা কৰিছে-।
 
প্ৰথমটো হ'ল- Application form click here (Link)

To Application tracking/ePass download : Click here

       ইয়াৰ উপৰি 'ই-পাছ' ৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনৰ ৱেবচাইট https://bongaigaon.gov.in/ৰ জৰিয়তে লিংক বিচাৰি চাব পাৰিব। 


Post a Comment

Previous Post Next Post