‘ৰাজনৈতিক দলত থকা কোনো সদস্যক মোৰ দলৰহৈ ফুটবল খেলিবলৈ দিয়া নহ’ব’ : আচম্বিতে ঘোষণা কৰিলে জুবিন গাৰ্গে

গুৱাহাটী; সাংস্কৃতিক কৰ্মীৰ মাজত এতিয়া ৰাজনৈতিক দলত যোগদানৰ ঢৌ উঠিছে। কংগ্ৰেছ-বিজেপিত এতিয়া যোগদান কৰিছে ইজনৰ পিছত সিজন অভিনেতা-অভিনেত্ৰী, গায়ক-গায়িকাই। তাৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিশেষ ঘোষণা। এতিয়াৰ পৰা জুবিন গাৰ্গৰ ফুটবল দলৰ হৈ খেলত ভাগ ল’ব নোৱাৰিব ৰাজনৈতিক দলত যোগদান কৰা গায়ক-গায়িকা, কণ্ঠশিল্পীয়ে। আনহাতে নতুনকৈ গঠন কৰা হ’ব জুবিন গাৰ্গ একাদশ। কেৱল সমাজবাদক বিশ্বাস কৰা সকলহে হ’ব পাৰিব দলটোৰ অংশীদাৰ।


জুবিন গাৰ্গে ছচিয়েল মিডিয়াৰ জৰিয়তে কৰা এই ঘোষণাই বিশেষ তাত্‍পৰ্য বহন কৰিছে। উল্লেখযোগ্য যে, কৃষি ক্ষেত্ৰৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰ কাষ চপা জুবিন গাৰ্গ ব্যাপক ভাবে সমালোচনাৰ সন্মুখীন হৈছিল।

© Article by Himangshu Bhuyan

Post a Comment

Previous Post Next Post