স্কুটী বিতৰ্কই তোলপাৰ লগাইছে ৰাজ্য। অহা অক্টোবৰ মাহৰ ভিতৰত ৰাজ্য চৰকাৰে স্কুটী প্ৰদান কৰিব চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক। সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ লগে লগে জাঙুৰ খাই উঠে ২০১৯ বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীসকল। বাজেটত ধন আৱণ্টন দিয়াৰ পিছতো কিয় ২০১৯ বৰ্ষৰ ছাত্ৰীসকল স্কুটী লাভৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল, সেই প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰীসকলে।
বুধবাৰে বৰপেটাত সমৱেত হ'ল জিলাখনৰ একাংশ আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰী।২০১৯ চনত ‘জ্ঞান দীপিকা’ আঁচনিৰ পৰা বঞ্চিত ছাত্ৰীসকলে বৰপেটাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত একেলগ হৈ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰে। লগতে আঁচনিৰ অধীনত তেওঁলোককো সামৰি ল’বলৈ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ।
ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৯ বৰ্ষত ছাত্ৰীসকল স্কুটী লাভৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ সকলো দোষ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ ঠেলি বিষয়টো বিবেচনা কৰি থকা হৈছে বুলি কেইদিনপূৰ্বে সংবাদ মাধ্যমক জানিবলৈ দিছিল।
© Himagnshu Bhuyan on behalf of News18 NE & Assam
Post a Comment