বঙাইগাঁও : ২৩ দিনীয়া সন্তানক আনৰ হাতত গতাই পিতৃয়ে ল’লে চৰম পন্থা, কিন্তু কিয়?

বঙাইগাঁৱত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা৷ ঋণৰ বোজা সহিব নোৱাৰি নিজৰ ২৩ দিনীয়া সন্তানক আন দম্পতীৰ হাতত গতাই আজি জীৱনৰ চৰম সিদ্ধান্ত ল’লে উত্তম দে নামৰ এজন লোকে ৷ ঘটনাটো সংঘটিত হৈছে বঙাইগাঁও চহৰৰ উদয় নগৰত৷ বঙাইগাঁৱৰ চাপাগুৰিত ইলেকট্ৰ’নিক দোকান আছে উত্তম দে নামৰ লোকজনৰ৷ কিন্তু লকডাউনৰ সময়ছোৱাৰ পৰা দোকান তথা ব্যবসায় বন্ধ হৈ পৰে উত্তমৰ৷ যাৰ ফলস্বৰূপে ক্ৰমশঃ ঋণত পোত যাবলৈ আৰম্ভ কৰে লোকজন আৰু  হতাশাত ভাগি পৰে৷

এজনী ১৪ বছৰীয়া কন্যা আৰু ৪ বছৰীয়া পুত্ৰ সন্তান থকা পৰিয়ালটোত প্ৰায় ২৩ দিন পূৰ্বে জন্ম লয় আন এটি পুত্ৰ সন্তানে৷ লকডাউনৰ প্ৰভাৱ তথা ব্যবসায় বন্ধ হৈ থকাৰ সময়ছোৱাত এই নৱজাতকটিক লৈয়ো একপ্ৰকাৰ বিমোৰত পৰিবলগীয়া হৈছে পৰিয়ালটো৷ দুবেলা দুমুঠি খাদ্যৰ বাবেও হাহাকাৰ কৰি থকা পৰিয়ালটোৱে অবশেষত নিজৰ এই ফুলকুমলীয়া সন্তানটিক গতাই দিয়ে আন দম্পতীৰ হাতত৷

প্ৰায় ১৬ দিন পূৰ্বে অৰ্থাৎ ৮ দিন বয়সত এই ফুলকুমলীয়া শিশুটিক গতাই দিয়া হৈছিল অইন দম্পতীলৈ ৷ তথাপি পৰিয়ালটোলৈ নাহিল স্বাভাৱিক জীবন৷ দিনকদিনে  ধাৰৰ বোজা সহিব নোৱাৰা হ’ল পৰিয়ালটোৱে৷ পৰিয়ালৰ মূৰব্বী উত্তমক ঘেৰি ধৰিলে দুশ্চিন্তাই৷ ঋণদাতা সকলে হেঁচা দিবলৈ আৰম্ভ কৰাত ভয়ত ঘৰৰ পৰা প্ৰায় বাহিৰলৈ ওলোৱা বন্ধ হ’ল উত্তমৰ৷ এফালে ব্যবসায় বন্ধ, আনফালে ঋণৰ বোজা৷ এনে পৰিপেক্ষিততে উত্তমে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দেহ কৰা হৈছে৷

Via News18 NE & Assam

Post a Comment

Previous Post Next Post