বঙাইগাঁৱত কয়দী আৰু মানসিক ৰোগীক কোভিড ভেকচিন প্ৰদান


বঙাইগাঁও : বঙাইগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনামৰ্মে জিলা স্বাস্থ্য বিভাগে জিলাখনৰ মানসিক ৰোগীসকল যাতে কোৰোনা ভেকচিনৰ পৰা বঞ্চিত নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহন কৰে । সেইমৰ্মে সমাজ কল্যান বিভাগৰ অধীনত বঙাইগাঁৱত থকা স্বেচ্ছাসেৱী সংগঠন" সৰ্বাংগীন বিকাশ ট্ৰাস্ট"ৰ দ্বাৰা পৰিচালিত হাফ ৱে হোমত থকা ১৫ গৰাকী গৃহহীন মানসিক ৰোগী, নেভাৰ্ড মেন্টেল হস্পিতালত থকা  ২১ গৰাকী মানসিক ভাৱে অসু্স্থ ব্যক্তি  আৰু তেখেতসকলক চোৱাচিতা কৰা ৯ গৰাকী পৰিচালক- পৰিচালিকা আৰু " আশ্ৰয়,  গৃহহীন মানসিক ৰোগীসকলৰ গৃহ" ত থকা ৫ গৰাকী গৃহ হীন  মানসিক  ব্যক্তিক  আজি টীকাকৰণ কৰা হয়।

       আনহাতে অভয়াপুৰী জিলা কাৰাগাৰত থকা ১৪২গৰাকী কয়দীকো যোৱাকালি ২৬ মে',২০২১ তাৰিখে কোভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰা হয়।

       এই লোকসকলৰ কোনো ফটোযুক্ত পৰিচয় পত্ৰ নাই যিবিলাকৰ ভিত্তিত এগৰাকী লোকক কোভিড ভেকচিন দিয়া হয়।গতিকে "কী ফেচিলিটৰ"(key facilitor)ৰ জৰিয়তে পঞ্জীয়ণ কৰি এই লোকসকলক কোভিড ভেকচিন প্ৰদান কৰা হয়।

Post a Comment

Previous Post Next Post