বঙাইগাঁও পৰিবহণ বিভাগে আৰম্ভ কৰিলে DL আৰু RC ৰ হোম দেলিভাৰী সেৱা : সবিশেষ জানক

বঙাইগাঁওবাসী ৰাইজলৈ পৰিবহণ বিভাগৰ তৰফৰ পৰা এক সুখবৰ:এতিয়াৰে পৰা ঘৰতেই উপলবদ্ধ হ'ব চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহন পঞ্জীয়ন পত্ৰ


বঙাইগাঁওবাসী ৰাইজৰ সুবিধাৰ্থে বঙাইগাওঁ জিলা পৰিবহণ বিভাগে আজিৰে পৰা মুকলি কৰিছে এক নতুন সেৱা।এখন চালকৰ অনুজ্ঞাপত্ৰ বা এখন বাহন পঞ্জীয়ন পত্ৰ প্ৰস্তুত হোৱাৰ পাছত সেইখন লোৱাৰ বাবে এতিয়াৰে পৰা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে এজন ব্যক্তিয়ে নিজৰ ঘৰতেই সহজতে আৰু সময়ৰ অপচয় নোহোৱাকৈয়ে পোৱাটো সম্ভৱ হ'ব।


পূৰ্বতে আবেদনকাৰীয়ে আবেদন কৰাৰ পাছত এই প্ৰস্তুত হৈ উঠা নথি সমূহ গ্ৰহণৰ বাবে কাৰ্যালয়লৈ পুনৰ এদিন যাৱলগীয়া হৈছিল।কিন্তু এতিয়াৰে পৰা এই সেৱাৰ আবেদনকাৰীলৈ তেওঁৰ ঘৰৰ ঠিকনাত পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা দ্ৰুত ডাক যোগে এই চালক অনুজ্ঞা পত্ৰ আৰু বাহন পঞ্জীয়ন পত্ৰ পঠোৱাৰ ব্যৱস্থা কৰা হ'ব।অৱশ্যে এই সেৱাৰ এক নিৰ্ধাৰিত শুল্ক থাকিব। 

অসম চৰকাৰৰ পৰিবহন বিভাগে নিৰ্দেশনা পত্ৰ নং CT-MV/33/2019, দিনাংক ৮ ছেপ্টেম্বৰ, ২০২০ যোগে দ্ৰুত ডাক যোগে এই সেৱা ঘৰতে উপলব্ধ কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই মৰ্মে এই চালকৰ অনুজ্ঞাপত্ৰ আৰু বাহন পঞ্জীয়ন পত্ৰৰ স্মাৰ্ট কাৰ্ড প্ৰিন্টিংৰ বাবে পূৰ্বৰে পৰা বাহাল থকা ক্ৰমে ৮৮ টকা আৰু ১২৬ টকাৰ উপৰিও এই সেৱা উপলব্ধ কৰাৰ বাবদ পৌৰসভাৰ অন্তৰ্গত এলেকাৰ বাবে ২৪.৪০ টকা আৰু পৌৰসভাৰ বহিৰাগত এলেকাৰ বাবে ৪৮.০০ টকা ধার্য্য কৰিছে। 

এই সেৱা ক্ৰুতিহীন ভাৱে আগবঢ়োৱাৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ উপভোক্তা সকলক আবেদনৰ সময়ত মোবাইল নং সহ সঠিকভাৱে নিজৰ  ঘৰৰ ঠিকনা দিয়াৰ বাবে জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা বিশেষ ভাৱে অনুৰোধ জনোৱা হৈছে ।

Post a Comment

Previous Post Next Post